Show/Hide Keyboard Layout

মন হীৰা দৈ

- বোলছবি

মন হীৰা দৈ চাইকেল নহয় টিলিঙা

মন হীৰা দৈ ডেকা নহয় পিলিঙা

ৰহ ঢলা পথাৰত, আহিবা ঐ নিজানত

মন হীৰা দৈ তোমাৰনো কুমলীয়া মাত ।

 

মন হীৰা দৈ গাভৰু নহয় লহঙা

মন হীৰা দৈ পীৰিতি নহয় মহঙা

মেলেঙৰে বজাৰত, ঢেঁকীয়ালৰ কলহত

মন হীৰা দৈ গুৰৰ বজাৰ আঁহতৰ ছাঁত ।

 

মন হীৰা দৈ বোৱাৰী নহয় যখিনী

বেমাৰ নহয় গ্ৰহণী

ভাত নহয় অমাতৰ মাত ।

অ’ মন হীৰা দৈ ছোৱালী নহয় ঢেপেচী,

এচাৰি নহয় লেকেচি, নজৰ পালে এৰাব আন ।

 

মন হীৰা দৈ কুলি-কেতেকীৰ মিঠা মাতৰ সুৰেৰে

কুলি-কেতেকীৰ মিঠা মাতৰ সুৰেৰে

কি কথা মোক কৈছিলা নৈৰে ঐ ঘাটতে ।

নেপায় নহয় ঠগিব, জীৱন ধংস কৰিব

প্ৰলয় হ’লে পৰিব বিনা মেঘে ব্ৰজপাত

মন হীৰা দৈ জিৰাবাহি যৌৱনৰে ছাঁত ।

 

মন হীৰা দৈ মাত নহয় মুৰুলী

হাঁহি নহয় বিজুলী, দেহা নহয় বিৰিণাৰ পাত

মন হীৰা দৈ সাতদিনিয়া বহাগত

নাচিবা ঐ উলাহত, পীৰিতিৰে লগাবা মাত ।

 

মন হীৰা দৈ জাঁজী নৈ চনমা, বিহু কৰোঁ আহা

হাততে টকাটি মুখতে হাঁহিটি, জীৱন কিনো মোহনীয়া

কিনো মোহনীয়া মাত ।

অ’ কলাকৈ কুলিয়ে জীৱন জাঁজী নৈ চনমা

এ কেনেকৈ জানিলে জীৱন জাঁজী নৈ চনমা

কলাকৈ কুলিয়ে জীৱন জাঁজী নৈ চনমা

এ কেনেকৈ জানিলে জীৱন জাঁজী নৈ চনমা

মেলিলে আমৰে, মেলিলে আমৰে পাত ।

মন হীৰা দৈ চাইকেল নহয় টিলিঙা ।।

Hits: 1937